![]()
নিউজ ডেস্কঃ
লাখৰ দুৱাৰদলিত উপনীত হ’ল দেশৰ দৈনিক কোভিড আক্রান্তৰ সংখ্যা। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ বৃহস্পতিবাৰৰ ৰিপোর্ট অনুযায়ী, বিগত ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হৈছে ৯০ হাজাৰ ৯২৮ জন। যিটো বুধবাৰৰ তুলনাত ৫৬ শতাংশ বেছি। বুধবাৰে দৈনিক আক্রান্তৰ সংখ্যা আছিল ৫৮ হাজাৰ ৯৭।
আনহাতে, বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৩২৫ জনৰ। দৈনিক সংক্রমণ বা পজিটিভিটি ৰেট প্রায় চাৰে ৬ শতাংশ। সুস্থতাৰ হাৰ সামান্য কমিছে বুধবাৰৰ তুলনাত। বৃহস্পতিবাৰে দৈনিক সুস্থতাৰ হাৰ ৯৭.৮১ শতাংশ। বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ১৯ হাজাৰ ২০৬ জন।
বৃদ্ধি পাইছে সক্রিয় ৰোগীৰ সংখ্যাও। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ ৰিপোর্ট অনুযায়ী সক্রিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাই হৈছে ২ লক্ষ ৮৫ হাজাৰ ৪০১। দেশজুৰি বাঢ়িছে ওমিক্রন আক্রান্তৰ সংখ্যাও। ২৬খন ৰাজ্যত কোভিডৰ এই নতুন ৰূপ বিয়পিছে। কোন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ ৰিপোর্ট অনুযায়ী, দেশত ওমিক্রন আক্রান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে ২ হাজাৰ ৬৩০। বুধবাৰে এই সংখ্যাটো আছিল ২ হাজাৰ ১৩৫। দেশৰ মুঠ ওমিক্রন আক্রান্তৰ ভিতৰত ৯৯৫ জন সুস্থ হৈছে।
ৰাজ্যবোৰৰ ভিতৰত ওমিক্রন আক্রান্তৰ সংখ্যা সৰ্বাধিক মহাৰাষ্ট্রত। পশ্চিমবংগত মুঠ ওমিক্রন আক্রান্ত ৭৯৭ জন। তাৰ পিছতেই আছে দিল্লী (৪৬৫), ৰাজস্থান (২৩৬), কেৰালা (২৩৪), কর্নাটক (২২৬), গুজৰাট (২০৪)।













