নিউজ ডেস্কঃ
নিউজীলেণ্ডত অনুষ্ঠিত হ’বলগীয়া মহিলাৰ এদিনীয়া বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা বিচিচিআইৰ। এইবাৰৰ বিশ্বকাপত ভাৰতক নেতৃত্ব দিব মিতালী ৰাজে। সহ-অধিনায়ক হৰমনপ্রীত কৌৰ।
উল্লেখ্য, অহা ৬ মার্চৰ পৰা বে অভেলত বিশ্বকাপ অভিযান আৰম্ভ কৰিব ভাৰতীয় মহিলা দলটোৱে। প্ৰথম মেচতেই চিৰপ্রতিদ্বন্দ্বী পাকিস্তান। ৰাউণ্ড ৰবিন পদ্ধতিত হ’ব খেল। অর্থাৎ সকলো দেশেই সকলো দেশৰ সৈতে খেলিব লাগিব। গ্রুপ পর্যায়ত মুঠ সাতখন মেচ খেলিব লাগিব মিতালী বাহিনীয়ে।
ঘোষিত দলটো :
মিতালী ৰাজ (অধিনায়ক), হৰমনপ্ৰীত কৌৰ (সহ-অধিনায়ক), স্মৃতি মান্ধানা, শেফালী বাৰ্মা, যষ্টিকা ভাটিয়া, দীপ্তি শৰ্মা, ৰিচা ঘোচ (উইকেটৰক্ষক), স্নেহ ৰাণা, ঝুলন গোস্বামী, পূজা ভস্ত্ৰকাৰ, মেঘনা সিং, ৰেণুকা সিং ঠাকুৰ, তানিয়া ভাটিয়া, ৰাজেশ্বৰী গায়কোৱাড় আৰু পুনম ভাটিয়া৷