![]()
নিউজ ডেস্কঃ
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কনভয় আবদ্ধ হৈ থকাৰ ঘটনাৰ উচ্চপর্যায়ৰ তদন্ত কমিটি গঠন কৰিলে পঞ্জাব চৰকাৰে। তিনিদিনৰ ভিতৰত উক্ত কমিটিক ৰিপোর্ট জমা দিবলৈ নির্দেশ দিয়া হৈছে। কমিটিখনত আছে অৱসৰপ্রাপ্ত ন্যায়াধীশ মেহতাব সিং গিল, ৰাজ্যৰ গৃহ বিভাগৰ প্রধান সচিব আৰু ন্যায়াধীশ অনুৰাগ বর্মা। ইয়াৰ মাজতে এই ঘটনা সন্দৰ্ভত ছুপ্রিম কোর্টত এটি গোচৰ ৰুজু কৰা হৈছে। তাত উক্ত ঘটনাৰ পূর্ণাঙ্গ তদন্তৰ লগতে পঞ্জাবৰ মুখ্য সচিবক অপসাৰণৰো দাবী জনোৱা হৈছে।










