![]()
মনোৰঞ্জনঃ
অহা কাইলৈ ছবিগৃহত মুক্তি লাভ কৰিব অসমীয়া ছবি “একলব্য”। অসমীয়া বহু প্ৰত্যাশিত ছবিৰ মাজত এখন হৈছে “একলব্য”।
নৱপ্ৰজন্মৰ বহুকেইগৰাকী প্ৰতিভাসম্পন্ন অভিনেতা-অভিনেত্ৰীৰ সংযোজনেৰে নিৰ্মিত এই বাণিজ্যিক ছবিখনৰ পৰিচালনা কৰিছে আলফ্ৰেডে। ‘একলব্য’ ৰ কাহিনী আৰু চিত্ৰনাট্যৰ দায়িত্বত আছে প্ৰণৱ ভৰালী আৰু পৰিচালক আলফ্ৰেডে নিজেই। ৰিভান প্ৰডাকচনৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে চৈয়দ আজিজুল হক, ঋত্বিক শইকীয়া আৰু অলকা শইকীয়াই। অৰুণ নাথ, কমল লোচন, ৰূপচন্দা শৰ্মা, হিমাংশু গগৈ, অতনু মহন্ত আৰু কৰিশ্মা পূজাৰীৰ অভিনয়ৰে ছবিখনৰ সংলাপৰ দায়িত্বত আছে ত্ৰৈলোক্য কাশ্যপ আৰু আলফ্ৰেড। ছবিখনত সংগীত কৰিছে সংগীতৰ ক্ষেত্ৰখনত ব্যতিক্ৰমৰ সৃষ্টি কৰি যোৱা সংগীতশিল্পী অৰূপজ্যোতি বৰুৱাই। দৰ্শকক আকৰ্ষণ কৰিব পৰা বিধৰ এটি সুন্দৰ অথচ হৃদয়স্পৰ্শী কাহিনীৰে নিৰ্মিত এই ছবিখনৰ নামটোৱে আচলতে প্ৰত্যেককে ছবিখনৰ পিনে টানিছে। ছবিখন ৰাজ্যৰ কোনখন ছবিগৃহত কি সময়ত মুক্তি লাভ কৰিব, চাওক তালিকাঃ

ছবিখন মুক্তিৰ বাবে আগবাঢ়িছে যদিও ৰাজ্যত ক্ৰমশঃ বৃদ্ধি পাইছে ক’ৰোণা সংক্ৰমণ। এতিয়া এই সংক্ৰমণে ছবিখনৰ মুক্তিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব, সেয়া হ’ব লক্ষ্যণীয়।













