![]()
নিউজ ডেস্কঃ
ভাৰতত এটা দিনত দৈনিক সংক্রমণ বাঢ়িল প্রায় ৩০ শতাংশ। লগতে সাত মাহ পিছত কৰোনাত দৈনিক এক লাখ আক্রান্তৰ সীমাও অতিক্ৰম কৰিলে। অৱশ্যে সমগ্ৰ দেশত সুস্থতাৰ হাৰ ৯৭.৫ শতাংশ।
শুক্রবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘন্টাত দেশত ১,১৭,১০০ জন নতুনকৈ কৰোনাত আক্রান্ত হৈছে। যিটো বৃহস্পতিবাৰৰ তুলনাত ২৮.৮ শতাংশ বেছি। বৰ্তমান দেশত মুঠ কৰোনা আক্রান্তৰ সংখ্যা হৈছে ৩,৫২,২৬,৩৮৬।
সৰ্বাধিক আক্রান্ত পাঁচ ৰাজ্যৰ ভিতৰত শীর্ষত আছে মহাৰাষ্ট্র। মহাৰাষ্ট্রত বিগত ২৪ ঘণ্টাত মুঠ ৩৬,২৬৫ জন আক্রান্ত হৈছে। দ্বিতীয় স্থানত থকা পশ্চিমবঙ্গত ১৫,৪২১ জন, দিল্লীত ১৫,০৯৭, তামিলনাডুত ৬,৯৮৩ আৰু কর্ণাটকত ৫,০৩১ জন আক্ৰান্ত হৈছে।
বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে মুঠ ৩০২ জন কৰোনা ৰোগীৰ। যাৰ ভিতৰত কেৰালাত সর্বাধিক ২২১ জনৰ মৃত্যু হৈছে। দ্বিতীয় স্থানত থকা পশ্চিমবঙ্গত মৃত্যু হৈছে ১৯। দেশত বর্তমান সক্রিয় কোভিড আক্রান্তৰ সংখ্যা ৩,৭১,৩৬৩।
আনহাতে, দেশত বর্তমান মুঠ ওমিক্রন আক্রান্তৰ সংখ্যা ৩,০০৭ জন। অৱশ্যে ইয়াৰে ১,১৯৯ জন ইতিমধ্যে সুস্থ হৈ উঠিছে। ওমিক্রন আক্রান্তৰো শীর্ষত থকা মহাৰাষ্ট্রত মুঠ ৮৭৬ জন ওমিক্রনত আক্রান্ত হৈছে। দিল্লীত মুঠ ওমিক্রন আক্রান্তৰ সংখ্যা ৪৬৫।













