![]()
নিউজ ডেস্কঃ
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নিৰাপত্তাত গাফিলতি আছিল নেকি? এই সন্দৰ্ভত কেন্দ্রীয় গৃহ মন্ত্ৰালয়ক জমা দিলে পঞ্জাব চৰকাৰৰ ৰিপোর্ট। হঠাৎ আৰু স্বতঃস্ফূর্তভাৱে বিক্ষোভ হোৱাত সেয়া এৰাই চলিব পৰা নগ’ল বুলি কোৱা হৈছে ৰিপোর্টত। পঞ্জাব চৰকাৰে শুক্রবাৰে জমা দিয়া ৰিপোর্টত কোৱা হৈছে যে পূর্বপৰিকল্পিত বিক্ষোভ নোহোৱাত এই বিক্ষোভ ৰোধ কৰাটো সম্ভৱ নহ’ল। পঞ্জাব চৰকাৰে ইতিমধ্যে দুই সদস্যৰ এক উচ্চ পর্যায়ৰ তদন্ত কমিটি গঠন কৰিছে। এই কমিটিখনে ৭২ ঘণ্টাৰ ভিতৰত ৰিপোর্ট জমা দিব। ৰিপোর্টত যাৰ বিৰুদ্ধেই অভিযোগ উঠিব তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে পঞ্জাব চৰকাৰ সাজু আছে বুলিও ৰিপোর্টটোত কোৱা হৈছে।
আনহাতে, এই ঘটনাত বিজেপিকে আদি কৰি বিৰোধী দলবোৰ সোচ্চাৰ হৈ পৰিছে। ৰাজ্যৰ আইন-শৃঙ্খলা ব্যৱস্থা অৱনতি হোৱা বুলিও অভিযোগ। প্রধানমন্ত্রী নৰেন্দ্র মোদীক নিৰাপত্তা দিয়াত ব্যর্থ পঞ্জাব চৰকাৰ। পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ স্পষ্ট কথা, ৰাজ্যৰ আইন-শৃঙ্খলা পৰিস্থিতি শোচনীয়। সেয়ে নির্বাচনৰ পূৰ্বে পঞ্জাবত ৰাষ্ট্রপতি শাসন জাৰি হোৱা উচিত। বিজেপিৰ এক বৃহৎ অংশইও বিচাৰিছে প্রধানমন্ত্রীৰ নিৰপত্তা বিষয়ত পঞ্জাব চৰকাৰৰ বিৰুদ্ধে কোনো ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হওক।
উল্লেখ্য, ইতিমধ্যে এই ঘটনাৰ তদন্তৰ বাবে তিনি সদস্যৰ এখন কমিটি গঠন কৰিছে কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে।













