ASSAM TIMES POST
গুৱাহাটীঃ মহাত্মা গান্ধীৰ ১৫১ তম জয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ে শনিবাৰে এখনি মুকলি কুইজৰ আয়োজন কৰিছে। গুৱাহাটীৰ আমবাৰীস্থিত ৰবীন্দ্ৰ ভৱন প্ৰাংগনত শনিবাৰে আবেলি ৪ বজাৰপৰা এয়া আৰম্ভ হ’ব।
ইয়াত কুইজ মাষ্টৰ হিচাপে থাকিব নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেব চৌধুৰী আৰু ডঃ সমুজ্জ্বল ভৰদ্বাজ। মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰতি সমাজখনক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যৰে ইয়াৰ আয়োজন কৰা হৈছে।













