![]()
নিউজ ডেস্কঃ
বিদেশৰ পৰা ভাৰতলৈ অহা যাত্রীসকলৰ আইছ’লেচন বাধ্যতামূলক কৰিলে কেন্দ্রই। বিমানবন্দৰত কৰোনা পৰীক্ষাৰ নেগেটিভ ৰিপোর্ট দেখুৱালেও ৭ দিনৰ পূৰ্বে তেওঁলোকে মুক্তি নাপাব। শুক্রবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নতুন নির্দেশনাত জনোৱা হৈছে যে কোনো দেশৰ পৰা ভাৰতলৈ আহিলেই বাধ্যতামূলকভাবে ৭ দিন ঘৰতে আইছ’লেচনত থাকিব লাগিব।
অহা মঙ্গলবাৰ, ১১ জানুৱাৰীৰ পৰা এই নতুন নিয়ম কার্যকৰী হ’ব বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ উক্ত নির্দেশনাত জনোৱা হৈছে। বিশ্বজুৰি ওমিক্রনৰ সংক্রমণ বৃদ্ধিৰ বাবেই এই পদক্ষেপ বুলি জনোৱা হৈছে।










