নিউজ ডেস্কঃ
আৰু কেইসপ্তাহমানৰ ভিতৰতেই শিখৰ চুব কৰোনাৰ দৈনিক সংক্ৰমণে। এক গৱেষণাত দাবী কৰা মতে, কৰোনাৰ এই স্ফীতি সর্বোচ্চ পর্যায় পালে প্রতিদিনে অতিকমেও ১০ লাখ ভাৰতবাসী কৰোনাত আক্রান্ত হ’ব পাৰে। কৰোনাৰ নতুন প্ৰজাতি ওমিক্রনৰ দ্রুত সংক্রমণৰ যি প্রবণতা, সেয়া বিচাৰ কৰিয়েই এই সিদ্ধান্তত উপনীত হৈছে ভাৰতৰ দুটি গৱেষণা সংস্থা ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্স আৰু ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট (বেঙ্গালুৰু)।
উক্ত সংস্থা দুটাৰ বিজ্ঞানী অধ্যাপক শিৱ আত্রেয়া আৰু ৰাজেশ সুন্দৰসনে সম্প্রতি ওমিক্রন সন্দৰ্ভত তেওঁলোকৰ গৱেষণাৰ ভিত্তিত ভৱিষ্যদ্বাণী কৰিছে। তাত কোৱা হৈছে যে জানুৱাৰীৰ শেষৰ সপ্তাহতেই সাম্প্রতিক কৰোনা-স্ফীতি সর্বোচ্চ হ’ব। যাৰ প্রভাৱ থাকিব ফেব্রুৱাৰী মাহৰ প্রথম সপ্তাহ পর্যন্ত।