নিউজ ডেস্কঃ
বহুতৰ মতে ওমিক্রন সিমান এটা মাৰাত্মক নহয়। কিন্তু এইবাৰ সেই মতৰেই বিৰোধিতা কৰিলে হুই। জনাই দিলে, সমগ্ৰ বিশ্বত বহু মানুহক মাৰিছে এই ওমিক্রনে। সেয়ে এই নতুন প্রজাতিক ‘মৃদু’ বুলি ভাবিলে বিপদ আছে। বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ প্রধান টেডৰোছ ঘেব্রেয়িছাছে কয়, সমগ্ৰ পৃথিৱীজুৰি লাখ লাখ লোক দৈনিক আক্রান্ত হৈছে এই ওমিক্রনত। হস্পিটেলত ঠাই নাই। কৰোনাৰ দ্বিতীয় ঢৌৰ বাবে দায়ী ডেল্টা প্রজাতিকো হাৰ মনাইছে। তেওঁ কয়, ‘ডেল্টাৰ তুলনাত ওমিক্রন কম মাৰণাত্মক, বিশেষকৈ যিসকলে টীকা লৈছে, তেওঁলোকৰ ক্ষেত্রত। কিন্তু তাৰ মানে এইটো নহয় যে ই মৃদু।’
কঠোৰ ভাষাৰে সতৰ্কবাণী দি তেওঁ কয় যেওমিক্রনৰ ফলত সংক্রমণৰ ছুনামি আহিছে, আৰু সেয়া অত্যন্ত দ্রুত। ইয়াৰ ফলত সমগ্ৰ বিশ্বতে ভাগি পৰিছে চিকিৎসা ব্যৱস্থা।