![]()
মনোৰঞ্জনঃ
আমি সদায় বলীউডৰ তাৰকাসকলৰ জীৱনত কি চলি আছে চাই থাকোঁ। ছেইফ আলী খান আৰু কৰীণা কাপুৰক অলপতে ঘৰৰ বাহিৰত গাড়ীত বহি থকা দেখা গৈছিল। ছেইফ আলী খানে গাড়ী খন চলাই থকাৰ বিপৰীতে কৰীণা কাপুৰ খান ম’বাইলত ব্যস্ত আছিল। শেহতীয়াকৈ, ছেইফ আৰু কৰীণাৰ ভিডিঅ’ পোহৰলৈ আহিছে। য’ত, তেওঁলোকে মাস্ক আৰু চিট বেল্ট পৰিধান নকৰা দেখিবলৈ পোৱা যায় আৰু তাৰ পিছতেই, তাৰকাদ্বয়ক অনুৰাগী সকলে ট্ৰোল কৰা আৰম্ভ কৰে।
কৰীণা কাপুৰ আৰু ছেইফ আলী খানক ট্ৰোল কৰাৰ লগতে আন কেইবাগৰাকীও লোকে মুম্বাই আৰক্ষীৰ ওচৰত দম্পতীহালৰ বিষয়ে অভিযোগ উত্থাপন কৰিছে। এজনে তেওঁলোকৰ কমেণ্টত লিখে যে, “চেলিব্ৰেটীসকলে চিট বেল্ট পিন্ধাৰ প্ৰয়োজন নাই নেকি?” একে সময়তে, আন এগৰাকীয়ে মুম্বাই আৰক্ষীক এটা টেগত লৈ লিখিছে, “চিটবেল্ট উলংঘন। “
এজন ব্যৱহাৰকাৰীয়ে লিখে – “আৰটিঅ’ বিষয়াই জৰিমনা জাৰি কৰিব পাৰে। তেওঁলোকে এই ভিডিঅ’টো প্ৰমাণ হিচাপে ল’ব পাৰে।” ব্যৱহাৰকাৰীজনে আকৌ এবাৰ মুম্বাই আৰক্ষীক দম্পতীহাললৈ চালান পঠিয়াবলৈ আহ্বান জনাইছে।













