![]()
স্বাস্থ্য প্ৰতিবেদনঃ
কামৰ যিমানেই ব্যস্ততা নাথাকক কিয়, চকু ভালে ৰাখিবলৈ ইয়াৰ যত্ন লোৱাটো প্ৰয়োজন। সেয়া ঘৰতেই হওক বা অফিচত৷
কামৰ মাজে মাজে বিৰতি লওক
পুৱাৰে পৰা দীর্ঘ সময় ধৰি একেৰাহে কম্পিউটাৰ স্ক্রিনৰ ফালে চাই থাকিলে চকুত ইয়াৰ প্ৰভাৱ পৰাটো স্বাভাৱিক। সেয়ে কামৰ ফাঁকে ফাঁকে প্রতি এক ঘণ্টাৰ মূৰত বিশ্রাম বা বিৰতি লওক।
ঘনে ঘনে চকুৰ পতা জপোৱা-মেলা কৰক
কম্পিউটাৰৰ ফালে একে দৃষ্টিৰে চাই থাকিলে চকুৰ পতা জপোৱাৰ প্রৱণতা কম থাকে। চিকিৎসকসকলৰ মতে, চকুৰ পতা পৰিলে চকুৰ স্বাভাৱিক আর্দ্রতা ঠিকে থাকে।
কম্পিউটাৰ পর্দাৰ পোহৰ কমাই ৰাখক
কম্পিউটাৰ স্ক্রিনৰ অতিৰিক্ত পোহৰে আপোনাৰ চকুত প্রভাৱ পেলাব পাৰে। স্ক্রিনৰ পোহৰৰ উজ্জ্বলতা এক নির্দিষ্ট পৰিমাণত ৰখাই ভাল।
কামৰ মাজে মাতে চকুৰ ব্যায়াম কৰক
কামৰ মাজতে প্রতি এক ঘণ্টাত চকুৰ এটি ব্যায়াম কৰক। চকুৰ মণি চাৰিওফালে ঘূৰাওক, মণি সোঁফালে, বাঁওফালে, ওপৰ-তললৈ লৈ যাওক। মাজে মাজে হাতৰ আঙুলিৰে চকুৰ পতাত মৃদু মালিচ কৰিব পাৰে।













