![]()
নিউজ ডেস্কঃ
কৰোনাৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ বাবে এইবাৰ বন্ধ হৈছে পুৰীৰ জগন্নাথ মন্দিৰ। ১০ জানুৱাৰীৰ পৰা বন্ধ হ’ব বুলি জনাইছে মন্দিৰ কর্তৃপক্ষই। সম্প্ৰতি ৩১ জানুৱাৰীলৈ পুৰীৰ জগন্নাথ মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ পিছত পৰিস্থিতি অধ্যয়ন কৰি পৰৱর্তী সিদ্ধান্ত লোৱা হ’ব।
‘ছত্তিশা নিয়োগ’ কমিটিয়ে জগন্নাথ মন্দিৰ সম্পর্কীয় সকলো সিদ্ধান্ত গ্ৰহণ কৰে। শুক্রবাৰে কমিটিখনৰ বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হয়।
উল্লেখ্য, ইয়াৰ পূৰ্বেও কৰোনা পৰিস্থিতিৰ বাবে ডিচেম্বৰত দুদিন মন্দিৰটো বন্ধ ৰখা হৈছিল। ১ জানুৱাৰীতো বন্ধ আছিল জগন্নাথ মন্দিৰ।













