![]()
নিউজ ডেস্কঃ
যোৱা বছৰ ছেপ্টেম্বৰ মাহত পাক ছুপ্রিম কোর্টৰ প্রথম মহিলা ন্যায়াধীশ হিচাবে আয়েচা মালিকৰ নাম প্ৰস্তাৱ কৰিছিল জুডিচিয়েল কমিছন অব পাকিস্তানে (জেচিপি)। কিন্তু আয়োগৰ চাৰি সদস্যই তেওঁৰ এই পদোন্নতিৰ পক্ষত থিয় দিলেও বাকী চাৰি সদস্যই তেওঁৰ বিৰুদ্ধে ভোট দিয়ে। এইবাৰ অৱশ্যে ন্যায়াধীশ আয়েচা মালিকৰ পক্ষতেই ভোট বেছি পৰে। ফলত পাকিস্তানৰ সর্বোচ্চ আদালতৰ প্রথম মহিলা ন্যায়াধীশ হোৱাৰ পৰা আৰু মাত্র এটা খোজ দূৰৈত আছে আয়েচা।
হার্ভার্ড আইন স্কুলৰ স্নাতক ন্যায়াধীশ আয়েচা বর্তমান লাহোৰ হাইকোর্টৰ ন্যায়াধীশ। ইয়াৰ পূৰ্বে বহু গুৰুত্বপূর্ণ আৰু নজিৰবিহীন ৰায় দিছে তেওঁ। যাৰ ভিতৰত কোনো নির্বাচনী প্রার্থীৰ সম্পত্তি ঘোষণা অন্যতম। যোৱা বছৰ ৯ ছেপ্টেম্বৰত জেচিপিৰ বৈঠকত তেওঁৰ নাম সন্দৰ্ভত প্রথম আলোচনা হৈছিল। শুকুৰবাৰে বিষয়টো সন্দৰ্ভত পুনৰ বৈঠকত বহিছিল জেচিপি, যাৰ মূৰব্বী হৈছে পাকিস্তানৰ প্রধান ন্যায়াধীশ গুলজাৰ আহমেদ। উক্ত বৈঠকতেই আয়েচাৰ নাম ছুপ্রিম কোর্টৰ পৰৱর্তী ন্যায়াধীশ হিচাবে চূড়ান্ত হোৱা বুলি জনাইছে পাক সংবাদ মাধ্যমবোৰে।
জেচিপিৰ এই প্ৰস্তাৱ ইয়াৰ পিছত যাব পার্লিয়ামেন্ট কমিটিৰ ওচৰলৈ। উক্ত কমিটিৰ সিদ্ধান্তই এই বিষয়ত চূড়ান্ত হিচাবে মানি লোৱা হয়। ছুপ্রিম কোর্টত ন্যায়াধীশ আয়েচা মালিকৰ কাৰ্যকাল ২০৩১ চনৰ জুন পর্যন্ত হ’ব। অৱসৰৰ পূৰ্বে তেৱেঁই হ’ব পাক সর্বোচ্চ আদালতৰ সকলোতকৈ প্রবীণ ন্যায়াধীশ। সেই হিচাবত দেশৰ প্রধান ন্যায়াধীশ হিচাবেও পদোন্নতি হ’ব পাৰে তেওঁৰ। আৰু সেয়া হ’লে ন্যায়াধীশ আয়েচা মালিকেই হ’ব দেশৰ প্রথম মহিলা প্রধান ন্যায়াধীশ।













