![]()
নিউজ ডেস্কঃ
উত্তৰ প্ৰদেশৰ এজন বিজেপি বিধায়কৰ ক্ষেত্ৰত ঘটিল এক অনাকাংক্ষিত ঘটনা। এখন ৰাজহুৱা সভাৰ মঞ্চতে বিধায়কজনে চৰ খালে এজন বৃদ্ধৰ৷ মঞ্চৰ সন্মুখত থকা বিজেপিৰ শতাধিক কর্মী-সমর্থকৰ সন্মুখতে বৃদ্ধজনে কাণতলীয়া চৰ শোধালে বিজেপি বিধায়কজনক। একো তৰ্কিবই নোৱাৰিলে বিধায়কজনে৷ ৰাইজৰ সন্মুখতে চৰ খাই অপ্রস্তুত হৈ পৰে বিধায়কজন। অস্বস্তিত পৰা সভাৰ আয়োজকসকলৰ কেইজনমান ততাতৈয়াকৈ মঞ্চলৈ উঠি আহি বৃদ্ধজনক মঞ্চৰ পৰা আঁতৰাই লৈ যায়। মাত্র ২১ ছেকেণ্ডৰ এই ভিডিঅ’ ক্লিপিংটো এতিয়া উত্তৰ প্ৰদেশত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোকে আকৌ নিৰ্বাচনী অস্ত্ৰ হিচাবে লৈছে বিৰোধীয়ে।
জানিব পৰা মতে, ঘটনাটো তিনি দিনমান আগৰ। উন্নাওৰ বিজেপি বিধায়ক পঙ্কজ গুপ্তাই তেওঁৰ বিধানসভা সমষ্টিত এটি মূর্তি উন্মোচনৰ অনুষ্ঠানলৈ গৈছিল। তাতেই ঘটে এই অনাহূত কাণ্ড। বৃদ্ধগৰাকী এজন কৃষক বুলিও জানিব পৰা গৈছে। কিন্তু তেওঁ কিয় এই কাম কৰিলে বা কাৰোবাৰ প্রৰোচনাত এই কাম কৰিলে নেকি সেয়াও জানিব পৰা হোৱা নাই।
আনহাতে, উক্ত ঘটনাৰ স্পষ্টীকৰণ দিবলৈ গৈ বৃদ্ধগৰাকীক কাষত বহুৱাই লৈ সংবাদমেল পাতে বিধায়ক পঙ্কজ গুপ্তাই। সংবাদমেলত বিজেপি বিধায়কজনৰ দাবী, বিৰোধীয়ে চৰ মৰা বুলি যিটো প্রমাণ কৰিব বিচাৰিছে সেয়া আচলতে সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য৷ বৃদ্ধজন তেওঁৰ পিতৃৰ দৰে৷ সেয়েহে গালত মৰমেৰে হাত বুলাই আশীৰ্বাদ দিব বিচাৰিছিল৷ ইয়াৰ পূৰ্বেও তেওঁ তেনেদৰে গালত চপৰিয়াই স্নেহাশিস দিয়া বুলি সংবাদমেলত দাবী কৰে বিধায়কজনে৷
আনহাতে, সাংবাদিকে বৃদ্ধজনৰ মন্তব্য জানিব বিচৰাত তেওঁ কয় যে বিধায়কজনক তেওঁ চৰিওৱা নাই, তেওঁৰ ওচৰলৈ কিবা এটা ক’বলৈহে গৈছিল৷ অসাৱধানবশত তেওঁৰ হাতখন বিধায়কজনৰ গাত লাগে৷ তেওঁক আচলতে স্নেহাশিসহে দিব বিচাৰিছিল৷













