![]()
মনোৰঞ্জনঃ
অসমীয়া জনপ্ৰিয় অভিনেত্ৰী সকলৰ মাজৰ এগৰাকী হৈছে বৰ্ষাৰাণী বিষয়া। ছ’চিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় হৈ থকা এই অভিনেত্ৰী গৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনৰ বিভিন্ন আপডেট সমূহ অনুৰাগীক জনাই থকা দেখিবলৈ পোৱা যায়। স্বামী ভাস্কৰ বৰুৱাৰ সৈতে অভিনেত্ৰী গৰাকীৰ মধুৰ সময়ৰ বিভিন্ন ফটো অথবা ভিডিঅ’ ভাইৰেল হোৱাও দেখিবলৈ পোৱা যায়।
শেহতীয়াকৈ গ্ৰামাঞ্চলত এটি প্ৰকল্পৰ শ্বুটিঙৰ বাবে উপস্থিত হৈছিল অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া। গ্ৰাম্য চহা জীৱনৰ সোঁৱাদ লোৱাৰ লগতে অসমীয়াৰ স্বাভিমান স্বৰূপ গামোচা খন পিন্ধি অভিনেত্ৰী গৰাকীয়ে পোষ্ট আপলোড কৰিছে ইনষ্টাগ্ৰামত। মেখেলা ছাদৰ পৰিধান কৰি অভিনেত্ৰী গৰাকী যেন একাত্ম হৈ পৰিছে গাঁৱৰ পৰিৱেশত। তেওঁৰ ফটোত বিভিন্ন জন অনুৰাগীয়ে ইতিবাচক মন্তব্য কৰাও দেখিবলৈ পোৱা যায়।













