ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি দেওবাৰে ডিফুত অনুষ্ঠিত হয় মধ্য কাৰবি আংলং জিলা শাখাৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পথ সঞ্চালন কাৰ্যসূচী ৷ এইলৈ আজি ডিফু ক্লাব প্ৰাঙ্গনত পুৱাৰে পৰা সমবেত মধ্য কাৰবি আংলঙৰ কেইবাশতাধিক সংঘৰ সদস্য কৰ্মীয়ে মাস্ক পৰিধান কৰি বগা টি চাৰ্ট, খাকী লংপেণ্ট পৰিহিত কৰি লগতে হাতত একোডাল দণ্ডলৈ ডিফু ক্লাব প্ৰাঙ্গনত পথ সঞ্চালনৰ আখৰা কৰাৰ লগতে ডিফু চহৰৰ মাজেৰে শৃঙ্খলাবদ্ধভাবে উলিওৱা পথ সঞ্চালন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পথ সঞ্চালনৰ পূৰ্বে বিভিন্ন দেশপ্ৰেম মূলক গীতৰ লগতে দেশ বন্দনাৰে সংঘৰ সেৱকসকলক আকৰ্ষিত কৰা পৰিলক্ষিত হয় ৷
ইয়াৰ পিছত ইয়াৰ পিছত জিলা সংঘ চালক নৰেশ্বৰ সন্দিকৈ বন্তি প্ৰজলন কৰে ৷ জিলা কাৰ্যবাহ দিনেশ কাথাৰে পৰিচালনা কৰা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ আজিৰ কাৰ্যসূচীত উপস্থিত থকা বিভাগ প্ৰচাৰক কেশৱ ভূঞাই নিজৰ ভাষণ প্ৰসংগত কয় যে, সকলো মানুহ নৰৰ পৰা নৰোত্তম আৰু নৰোত্তমৰ পৰা নাৰায়ণৰ ৰূপ ল’ব লাগে ৷ ভাল কামৰ জৰিয়তে পৰোপকাৰী হ’লে সেই গুণ আৰ্জিব পাৰি ৷ লগতে স্বাৰ্থহীনভৱে আনৰ হিত কাম কৰি জাতি, সমাজ তথা দেশৰ মংগল কৰিব লাগে ৷ লগতে স্বাভিমান, স্বজাতি, স্বয়ং সেৱা আদিৰ প্ৰতি গুৰুত্ব দিয়াৰ লগতে পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি অধিক আকৰ্ষিত নহৈ স্বজাতি, স্বভাষা, স্বাভিমান আদি ৰক্ষাকৰি পুণ্যভূমি ভাৰতৰ মান মৰ্যাদা অটুট ৰখাৰ আহ্বান জনায় কেশৱ ভূঞাই ৷
আনহাতে সাংবাদিতৰ সৈতে হোৱা বাৰ্তালাপত জিলা নৰেশ্বৰ সন্দিকৈয়ে কয়যে কভিড পৰিস্থিতিৰ বাবে বিগত বছৰ দুটাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পথ সঞ্চালন কাৰ্যসূচী অনুষ্ঠিত হোৱা নাছিল, বৰ্তমান কিছু শাম কটাত পুনৰ ৰাজ্যজুৰি পথ সঞ্চালন কাৰ্যসূচী আৰম্ভ হোৱাৰ সমান্তৰালকৈ মধ্য কাৰবি আমলং, পূব কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলং জিলাতো এই পথ সঞ্চালন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ জিলাখনৰ উন্নয়নৰ বাবেও ৰাষ্ট্ৰীয় স্বয়ক সেৱক সংঘই কাম কৰি গৈছে বুলি তেওঁ মন্তব্য কৰে ৷