ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাট জিলা ভিত্তিত অনুষ্ঠিত হোৱা চৰিত্ৰ অভিনয় প্ৰতিযোগিতাত উজ্বলিল খুমটাই মৌজাৰ বনগাঁও চ’লা হাইস্কুল। জিলাখনৰ ১৪ খন উচ্চ মাধ্যমিক বিদ্যালয়ে অংশগ্ৰণ কৰা উক্ত প্ৰতিযোগিতাত “ইন্টাৰনেট, গেজেট আৰু প্ৰচাৰ মাধ্যমৰ নিৰাপদ ব্যৱহাৰ “ক মূল বিষয়বস্তু হিচাপে লৈ শ্ৰীমতী গিৰিমল্লিকা শইকীয়াই ৰচনা আৰু পৰিচালনা কৰা “হাই কাবাডী” নাটক খনে প্ৰথম স্থান লাভ কৰে।
বিদ্যালয় খনৰ শিক্ষক দিগন্ত দাসে নেতৃত্ব দিয়া দলটোত অভিনয় কৰা শিক্ষাৰ্থীসকল হ’ল ক্ৰমে পাহি মজুমদাৰ, লুনা মজুমদাৰ , পল্লবী দাস, ৰক্তিম লোচন বৰা আৰু লক্ষীনাথ বৰাই। উল্লেখিত প্ৰতিযোগিতা খনত মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দ্বিতীয় স্থান আৰু খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰে।
আনহাতে প্ৰথম স্থান লাভ কৰা বনগাঁও চ’লা হাইস্কুলৰ দলটি ১৬ অক্টোবৰত গুৱাহাটিত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক ভিত্তিত চৰিত্ৰ অভিনয় প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে ৰাওনা হব৷ স্থানপ্ৰাপ্ত দল সমূহক গোলাঘাট বেংগলী হাইস্কুলত শুক্ৰবাৰে অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত গোলাঘাট সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ সমিৰণ বৰাই বঁটা প্ৰদান কৰে ।













