ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ এটা পানী বটলেই কাল গোলাঘাট মৰঙী সাৰৰলগাঁৱৰ পথ দুৰ্ধটনাৰ৷ আৰক্ষীৰ জেৰাত এই স্বীকাৰোক্তি দিছে ধৃত ডাম্পাৰৰ চালক সমীৰ গড়ৰ৷ এটা পানী বটলৰ বাবেই সংঘটিত হৈছিল উক্ত ভয়াৱহ পথ দুৰ্ঘটনাটো। গোলাঘাট মৰঙিসাৰৰ গাঁৱত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাৰ ডাম্পাৰৰ চালক সমীৰ গড়ক গ্ৰেপ্তাৰ কৰি গোলাঘাট আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছিল।
গোলাঘাট আৰক্ষীৰ জেৰাত ডাম্পাৰ চালক সমীৰ গড়ে চলন্ত অৱস্থাত এটা পানী বটল গাড়ীৰ ব্ৰেকৰ তলত সোমাই যোৱাৰ বাবেই এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ধৃত সমীৰে কয়৷ আৰক্ষীয়ে চলোৱা এই অভিযানত ডাম্পাৰখনৰ পৰা এটা পানীৰ বটল উদ্ধাৰ কৰা হয় বুলিও জানিব পৰা গৈছে৷
এই পানীৰ বটলটো ব্ৰেকৰ তলত সোমাই যোৱাৰ ফলতে গাড়ীখন ৰখাব পৰা নাছিল আৰু নিয়ন্ত্ৰণ হেৰুৱাই টাটা ছুম’খনত খুন্দা মাৰিছিল বুলি সমীৰে স্বীকাৰোক্তি দিয়ে৷ টাটা ছুম’খনে ডাম্পাৰৰ তেলৰ টেংকীত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতেই দপদপকৈ ছুম’খন জ্বলি উঠিছিল৷
ফলত উক্ত ভৱানক দুৰ্ঘটনাত তিনিজন আবকাৰী বিষয়াসহ কনিষ্ঠবলে প্ৰাণ হেৰুৱাব লগা হয় আৰু অন্য তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত আছে।













