ASSAM TIMES POST
শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাঃ শিৱসাগৰ নগৰত ২৮ ছেপ্তেম্বৰৰ পুৱা পৱিত্ৰ মহালয়া উপলক্ষ্যে অনুষ্ঠিত হোৱা এক স্বচ্ছতা অভিযানত জিলাখনত নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়া এম এছ য়ে অংশগ্ৰহণ কৰে৷

ডিব্ৰুগড়ৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত তথা শিৱসাগৰৰ নৱনিযুক্ত উপায়ুক্ত ডাঃলক্ষ্মীপ্ৰিয়া এম এছ আৰু জিলা আৰক্ষী অধীক্ষক অমিতাভ সিন্হাই নগৰখনৰ বিভিন্ন ব্যৱসায়ীক অঞ্চল আৰু কেন্দ্ৰীয় বজাৰত চাফাই অভিযান চলোৱা কালত স্বচ্ছতাৰ প্ৰয়োজনীয়তা আৰু প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰে৷
উপায়ুক্তই লগতে যোৱা ১ ছেপ্তেম্বৰৰ পৰা চলি থকা পোষণ অভিযানৰ বিষয়ে উল্লেখ কৰি শিশু, মহিলা আৰু গৰ্ভৱতী মাতৃৰ অৰ্থে পুষ্টিকৰ আহাৰ যোগান সুনিশ্চিত কৰাৰ বাবে স্থানীয় ৰাইজক আহ্বান জনায়৷
প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি আয়োজন কৰা উক্ত কাৰ্য্যসূচীত আৰক্ষী বিষয়া-জোৱানসকলৰ সৈতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বলৰ জোৱানসকলেও অংশগ্ৰহণ কৰে৷













