ASSAM TIMES POST
গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছ সমিতি (এপিচিচি)ৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যক শেহতীয়াকৈ ইয়াৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হৈছে। সৰ্ব ভাৰতীয় কংগ্ৰেছ সমিতি (এআইচিচি)ৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে। বিজ্ঞপ্তিটোত উল্লেখ থকা অনুসৰি এপিচিচিৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ হিচাপে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যক নিযুক্তিৰ প্ৰস্তাৱত এআইচিচিয়ে অনুমোদন জনাইছে।












