ASSAM TIMES POST
গুৱাহাটীঃ সংশোধিত যান-বাহন আইন, ২০১৯ৰ বিৰুদ্ধে পহিলা অক্টোবৰত প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ গুৱাহাটী কেব চালক সন্থাই। সন্থাই সেইদিনা পুৱা ১১ বজাত গুৱাহাটীৰ বেতকুছিস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰিব আৰু পৰৱৰ্তী সময়ত পৰিবহণ আয়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰিব। এই সম্পৰ্কত সন্থাৰ সভাপতি ইব্ৰাহীম আলীয়ে সংবাদ মাধ্যমত কয় যে এই আইনখনে সাধাৰণ লোকক হাৰাশাস্তি কৰিছে। ইয়াৰ দ্বাৰা কেব চালকসকলৰো অসুবিধা হৈছে।












