ASSAM TIMES POST
টীয়কঃ জাঁজীমুখ ‘দহ খেল’ৰ উদ্যোগত তথা সমূহ গাঁৱবাসীৰ সহযোগত পঞ্চম বাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্মোৎসৱ ভাগি বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ উদযাপন কৰিবলৈ লোৱা হৈছে। অহা ৭ আৰু ৮ অক্টোৱৰ তাৰিখে উদযাপন কৰিবলৈ লোৱা এই জন্মোৎসৰ বাবে বদন কলিতাক সভাপতি, নোমল চন্দ্ৰ কলিতাক কাৰ্যকৰী সভাপতি আৰু ৰঞ্জন কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন পূৰ্ণাঙ্গ উদযাপন সমিতি গঠন কৰি সমূহ স্থানীয় ৰাইজ পূৰ্ণ উৎসাহেৰে ইতিমধ্যে সকলো যাবতীয় কাম কাজ আৰম্ভ কৰিছে।
৭ অক্টোবৰ তাৰিখ অৰ্থাৎ প্ৰথম দিনা পুৱা ৫.৩০ বজাত প্ৰাতঃপ্ৰসংগৰে শুভাৰম্ভ হ’বলগীয়া এই অনুষ্ঠানৰ পাছতে বিভিন্ন কাৰ্যসূচীৰ লগতে অঞ্চলটোৰ সাহিত্য-সংস্কৃতিৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন পৰ্যায়ত ৰচনা, চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতাৰ লগতে মুঠ দহ হাজাৰ টকা প্ৰাইজমনি হিচাপে ৰাখি এক দিহানাম প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাই৷
একেদৰেই দ্বিতীয় দিনা অৰ্থাৎ ৮ অক্টোৱৰ তাৰিখে প্ৰাতঃপ্ৰসঙ্গৰ পাছতেই পুৱা ৮ বজাত এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ ব্যৱস্থা কৰাৰ লগতে শোভাযাত্ৰাৰ পাছত সমুহীয়া নাম প্ৰসংগ আৰু বিভিন্ন কাৰ্যসূচীৰ লগতে নিশালৈ স্থানীয় শিল্পীৰদ্বাৰা ‘অভিমন্যু বধ’ ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। সেয়ে উক্ত দুয়োটা দিনতে উদযাপন সমিতিৰ হৈ যুটীয়া সম্পাদকদ্বয় দিগন্ত বৰা আৰু ঋতুৰাজ কলিতাই সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।













