নিউজ ডেস্কঃ
টেনিছ জীৱনত ইতি টানিবলৈ আগবাঢ়িছে ছানিয়া মির্জাই। বছৰৰ শেষতেই টেনিছক বিদায় জনাব তেওঁ। বুধবাৰে তেনে এক ইঙ্গিত দিলে টেনিছ সুন্দৰীগৰাকীয়ে। আজি অষ্ট্ৰেলিয়ান ওপেনৰ ডাবলছৰ পৰা বিদায় লয় ছানিয়াই। তাৰ পিছতেই তেওঁ জনাই দিয়ে যে এই বছৰেই শেষবাৰৰ বাবে তেওঁক টেনিছ কোর্টত দেখা যাব। অৱশ্যে অৱসৰৰ পূৰ্বে বছৰটোত যিমান বেছি সম্ভৱ টুর্নামেন্টত অংশগ্রহণ কৰিব বিচাৰে। উল্লেখযোগ্য যে ভাৰতৰ প্রথম মহিলা টেনিছ খেলুৱৈ হিচাবে গ্ৰেন্ডস্লাম জয় কৰিছিল ছানিয়াই।
এচিয়ান গেমছ আৰু কমনৱেলথত পদক আছে তেওঁৰ নামত। মুঠ ৬টা গ্ৰেন্ডস্লাম পাইছে ছানিয়াই। ডাবলছত শীর্ষস্থানতো আছিল তেওঁ।