![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
হাফলংৰ ৰাজ্যিক কেবিনেটে ৮খনকৈ মহাবিদ্যালয়ত বিজ্ঞান শাখা আৰু ২খন মহাবিদ্যালয়ত বাণিজ্যিক শাখা সংযোজন কৰা সিদ্ধান্তক আদৰণি জনাই অখিল ভাৰত বিদ্যাৰ্থী পৰিষদ অসমে।
আজি এক প্ৰেছ বিজ্ঞপ্তি জৰিয়তে অসম চৰকাৰ কেবিনেট সিদ্ধান্তক আদৰণি জনোৱা বুলি উল্লেখ কৰে ছাত্ৰ সংগঠনটোৱে।
উল্লেখ্য যে, বুধবাৰে ডিমা হাছাওত অনুষ্ঠিত হৈছিল ৰাজ্যিক কেবিনেট । উক্ত কেবিনেটত গ্ৰহণ কৰিছিল এই সিদ্ধান্ত।













