ছাইদুল ইছলাম
ডিফু : বিকশিত ভাৰতৰ ডাক-ঢোল বজাই জনস্বাস্থ্য বিভাগৰ জল জীৱন মিচনৰ দৰে জন কল্যাণমূলক আঁচনিৰ ৰূপায়ণৰ কথা চৰকাৰে প্ৰচাৰ কৰি অহাৰ সময়তে দুটাকৈ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগ থকাৰ পাছতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বোকাজান মহকুমাৰ অন্তৰগত বালিপথাৰবাসী ৰাইজৰ ৷ হয় আজিৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এক অপ্ৰিয় সত্য ঘটনা ৷ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ বালিপথাৰৰ এক বৃহত্তৰ এলেকাৰ সাধাৰণ জনতাই জীৱন ধাৰণৰ বাবে অত্যাৱশ্যকীয় এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
বোকাজান মহকুমাৰ অন্তৰ্গত বালিপথাৰ এলেকাৰ কেইবাখনো গাঁৱৰ সাধাৰণ জনতাই এইবাৰ পানীৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈছে।
বালিপথাৰৰ বানচেং গাঁও, বালিপথাৰ বজাৰকে ধৰি বিস্তীর্ণ এলেকাত শেহতীয়াকৈ জলস্তৰ হ্ৰাস পোৱাৰ ফলত কুঁৱা, পুখুৰী, দমকল আদি সকলোতে পানী শুকাই যোৱাৰ লগতে এটুপি পানীৰ বাবে চৰম দুৰৱস্থাৰ সন্মুখীন হোৱা এলেকাটোত ১০০-১৩০ ফুট পর্যন্ত গভীৰৰ পৰা জেদ পাম্প ব্যৱহাৰ কৰি পানী সংগ্ৰহ কৰা স্থানসমূহতো পানীৰ অভাৱে দেখা দিয়া পৰিলক্ষিত হৈছে।
এলেকাটোৰ একাংশ লোকে ১০/১৫ কিঃ মিঃ দূৰৈৰ পৰা নিতৌ পানী সংগ্ৰহ কৰি জীৱন অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
দৈনিক প্রয়োজনীয় পানীখিনি যোগাৰ কৰাটোৱেই গাঁওবাসীৰ বাবে চৰম কষ্টসাধ্য তথা ব্যয়সাধ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে।
আনহাতে, বালিপথাৰ বানচেং গাঁৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা পানীযোগান আঁচনিৰ নিৰ্মাণকার্য প্রায় ৮০ শতাংশ সম্পূৰ্ণ হোৱাৰ পিছতো ৰাইজৰ ব্যৱহাৰৰ বাবে সম্পূর্ণ কৰি মুকলি কৰি নিদিয়াৰ বাবে আঁচনিখনৰ পৰা কোনো সুফল ৰাইজে ভোগ কৰিবলৈ সক্ষম হোৱা নাই।
একেদৰেই বালিপথাৰ ৰংকিমিত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীযোগান আঁচনিখনো বিগত প্রায় ত্রিশ বছৰ ধৰি বিকল অৱস্থাতে আছে।
সমগ্ৰ এলেকাটোতে এটুপি পানীৰ বাবে সৃষ্টি হোৱা এনে পৰিস্থিতিয়ে স্বাভাৱিকতে দুশ্চিন্তাগ্রস্ত তথা শংকিত কৰি তোলাৰ লগতে স্থানীয় লোকসকলে এইক্ষেত্ৰত যথোচিত পদক্ষেপ গ্রহণেৰে স্থানীয় লোকসকলৰ পানীৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে।