ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ শাৰদীয়ৰ বতৰা লৈ ধৰালৈ নামিল দেৱী মা দুৰ্গা৷ শনিবাৰে মহালয়াৰ উপলক্ষে গোলাঘাট নগৰত পুৱা দেখা পোৱা গ’ল এক আনন্দময় পৰিবেশ৷ দুৰ্গা পূজা উপলক্ষে এতিয়া ৰাজ্যৰ চৌদিশে এক উখল মাখল পৰিবেশ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো দেখা পোৱা গৈছে দুৰ্গা পূজাৰ ব্যস্ততা। গোলাঘাটৰ দেৱী প্ৰতিমা নিৰ্মাণ কৰা প্ৰতিষ্ঠানসমূহত এতিয়া মৃন্ময় শিল্পী সকল ব্যস্ত প্ৰতিমাসমূহত অন্তিম পৰশ দিয়াত।

এয়া গোলাঘাট নগৰৰ মাজমজিয়াৰ জি এফ ৰোডস্থিত এখন অন্যতম পুৰণি দেৱী প্ৰতিমা তৈয়াৰ কৰা প্ৰতিষ্ঠানৰ দৃশ্য। বিগত কেইবাদশক ধৰি পুৰুষানুক্ৰমে চলাই অহা প্ৰতিমা নিৰ্মাণৰ কাম চলাই যোৱা এই পৰিয়ালটোৱে অতি সুন্দৰভাৱে মাটিৰে নিৰ্মিত দুৰ্গা, গণেশ, বিশ্বকৰ্মা, সৰস্বতী আদি বিভিন্ন দেৱ দেৱীৰ প্ৰতিমাসমূহ সুনিপুণ হাতৰ পৰশেৰে এক জীৱন্ত ৰূপ প্ৰদান কৰে।
কিন্তু এই মৃন্ময় শিল্পী সকলে নিজৰ কষ্ট আৰু ত্যাগৰ উচিত মূল্য নাপায় বুলি আক্ষেপ প্ৰকাশ কৰে।













