ASSAM TIMES POST
টীয়কঃ অসমৰ জলবায়ু পৰিবৰ্তনৰ বাবে গ্ৰহণ কৰা ৰাজ্যিক পৰিকল্পনা ২০১৩ ৰূপায়ণ কৰা ইটা ভাটা, কল-কাৰখানাসমূহ বিদ্যুতৰ ব্যৱহাৰ কৰি চালিত কৰা, উন্নয়নৰ নামত প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰা আঁচনিসমূহ অতি শীঘ্ৰে বন্ধ কৰাকে ধৰি মুঠ ১১ টা দাবী সমৰ্থনত ২৭ ছেপ্টেম্বৰত সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ উজনি অসমৰ টীয়ক আঞ্চলিক সমিতিয়ে টীয়কৰ অসম ৰাজ্যিক পৰিবহণ নিগম আস্থানৰ সমীপত ২ ঘন্টা ধৰি এক অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ণ কৰে।

উল্লেখ যে ২০ ছেপ্টেম্বৰ পৰা ২৭ ছেপ্টেম্বৰলৈকে বিশ্ব জুৰি উদযাপিত Global week for future অংশ হিচাপে টীয়কত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে উদ্যোক্তাই। উক্ত কাৰ্যসূচীত বৃহত্তৰ টীয়ক অঞ্চলৰ বহুকেইটা দল সংগঠন তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে৷
উদ্যোক্তাসকলে দাবীসম্বলিত এক স্মাৰকপত্ৰ টীয়ক ৰাজহ চক্ৰ বিষয়া জয় প্ৰকাশ মহন্তৰ (সংলগ্ন) যোগেদি মুখ্যমন্ত্ৰীলৈ আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰে।












