![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি সমগ্ৰ দেশৰ লগত সংগতি ৰাখি চৰকাৰী আদর্শ মহাবিদ্যালয় দেইথৰৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত “ৰাষ্ট্ৰীয় ভোটাৰ” দিৱস উপলক্ষে শিক্ষাৰ্থীসকলৰ মাজত বক্তৃতা আৰু প্ৰচাৰ পত্ৰিকা নিৰ্মাণ (পোষ্টাৰ) প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। “আমি কিয় ভোটদান কৰিব লাগে” এই বিষয়ক মূল বিষয় হিচাপে লৈ বক্তৃতা প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়। বক্তৃতা প্ৰতিযোগিতাৰ আৰম্ভণিতে ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ ফুলমণি দাসে ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্ট্ৰীয় ভোটদান দিৱসৰ সংকল্প বাক্য পাঠ কৰোৱায় । অনুষ্ঠানটিৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপক কুমাৰ বৰাই আদৰণি ভাষণ প্ৰদান কৰে।
আনহাতে প্ৰচাৰ পত্ৰিকা প্ৰতিযোগিতাৰ ক্ষেত্ৰত “গণতন্ত্ৰ আৰু ভোটদান”ক মুখ্য বিষয় হিচাপে নিৰ্ধাৰিত কৰা হয়। অনুষ্ঠানৰ শেষত ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ বিজয়েতা দেউৰীয়ে শলাগৰ শৰাই আৱবঢ়ায়।












