ASSAM TIMES POST
মাধুৰ্য্য বৰা, টীয়কঃ দেশৰ অনান্য স্হানৰ লগতে যোৰহাট জিলাৰ টীয়কতো মহালয়া উপলক্ষে পুৱতি নিশাৰ পৰা অগণন ৰাইজে ভিৰ কৰে ৰাজপথত। হাজাৰ হাজাৰ ৰাইজে টীয়কৰ ৰাজপথত পদযাত্ৰা কৰে।

পুৱাৰে পৰা কেইবাহাজাৰ ভক্ত প্ৰাণ ৰাইজে মহালয়াৰ পবিত্ৰ দিনা ওলাই আহে৷ প্ৰবাদ আছে যে এই পবিত্ৰ দিনতে শক্তি নাশিনী দেৱী দূৰ্গা দুষ্টক বিনাশৰ অৰ্থে মত্যলৈ নামি আহে আৰু সেয়ে এই পবিত্ৰ পুৱাই দূৰ্গা গোঁসানীক আদৰাৰ মানসেৰে ৰাইজ ওলাই আহিছে।
উল্লেখযোগ্য যে টীয়কৰ এগৰাকী উদ্যোগী যুৱক সঞ্জীৱ সভাপণ্ডিতে বিগত বছৰৰ দৰে এইবাৰো বিনামূলীয়াকৈ ভক্তসকলক চাহ আপ্যায়ন কৰে। লগতে সমগ্ৰ নগৰখনত পুৱাৰে পৰা পূজাৰ অন্যতম আকৰ্ষণীয় সুস্বাদু খাদ্য জেলপীৰ বিপনীসমূহতো দেখা যায় ৰাইজৰ ভিৰ৷












