ASSAM TIMES POST
নগাঁওঃ ভাৰত-বাংলাদেশ সীমান্তইদি কৰিমগঞ্জহৈ নগাঁও জিলাৰ হোজাইলৈ যাব বিচৰা দুই বাংলাদেশী নাগৰিকক কালি মাজনিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত বাংলাদেশী দুটাৰ নাম হৈছে মহম্মদ গিয়াছউদ্দিন আৰু কামাল আহমেদ।দুয়োটাৰে ঘৰ বাংলাদেশৰ চিলেট জিলাত।নগাঁও বৰঘাট বাইপাছত নিশা আৰক্ষীয়ে বাংলাদেশী নাগৰিক দুটাক সন্দেহজনক ভাবে ৰৈ থকা প্ৰত্যক্ষ কৰি সোধপোছ কৰোতে তেওঁলোকে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তইদি অসমত প্ৰৱেশ কৰাৰ কথা জানিবলৈ দিয়ে।
যোৱা বৃহস্পতি বাৰে নিশা বাংলাদেশী দুটাই সীমান্তৰ কাটা তাৰ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। আৰক্ষীৰ আগত বাংলাদেশী দুটাই তেওঁলোক হোজাইলৈ যাবলৈ ৰৈ থকা বুলি জানিবলৈ দিয়ে৷













