![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্য ৰাজপথত মুখ্যমন্ত্ৰী কনভয় পাৰ হ’বলৈ আগৰ দৰে আৰু ৰব নালাগে। মুখ্যমন্ত্ৰী যাতায়তৰ বাবে দুই মিনিটতকৈ অধিকসময় ক’তো আৰক্ষীয়ে বাহন ৰখাব নোৱাৰিব। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত। মন্ত্ৰী-বিধায়কৰ বাহন হ’লেও জনতাক দুই মিনিটৰ অধিকসময় ৰখাব নোৱাৰিব। উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ কনভয়ত গুৱাহাটীত ৬খন আৰু গুৱাহাটী বাহিৰত ১২খন গাড়ী এতিয়াৰে পৰা থাকিব। সংবাদমেলত জানিব দিয়ে মন্ত্ৰী কেশৱ মহন্তই।
ৰাজ্য পৌৰ নিকায়ৰ নিৰ্বাচন অহা ১০ মাৰ্চৰ পূৰ্বে অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক কেবিনেটৰ আহ্বান। আনহাতে পৌৰ নিগমৰ নিৰ্বাচন পৌৰসভাৰ পাছতহে অনুষ্ঠিত হ’ব। এইবাৰ পৌৰসভাৰ আসন বৃদ্ধি হৈছে। এই বৃদ্ধি হোৱা আসনৰ কামসমূহ সম্পূৰ্ণ কৰিহে নিৰ্বাচন অনুষ্ঠিত হ’ব।
কেবিনেট সিদ্ধান্ত কথা উল্লেখ কৰি মন্ত্ৰী ৰনোজ পেগুৱে কয়-এতিয়াৰ পৰা মন্ত্ৰীয়ে নিজৰ খেয়াল খুচিৰে চৰকাৰী আঁচনি বা অনুদান আদি ঘোষণা কৰিব নোৱাৰিব। বিত্তীয় বিভাগৰ অনুমোদন লৈহে আঁচনি- অনুদান আদি ঘোষণা কৰিব পাৰিব।
ৰাজ্যিক-জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা চৰকাৰী যিকোনো অনুষ্ঠানত মুখ্যমন্ত্ৰীকে ধৰি অন্য কোনো মন্ত্ৰী-বিধায়ক, বিষয়াক এতিয়াৰে পৰা সম্বৰ্ধনা জনোৱা নহয়। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী বা আমন্ত্ৰিত অতিথি থাকিলে সেইসকলক সম্বৰ্ধনা জনোৱা হ’ব-মন্ত্ৰী পেগুৱে কয়।













