ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ শনিবাৰে গোলাঘাট আৰক্ষীয়ে তিনিখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে৷
গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি গোলাঘাট নগৰৰ সমীপৱৰ্তী তেতেলীতল অঞ্চলৰ পৰা তিনিখন চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে৷
এ এছ ০১বিচি-৩৬৭৬, এএছ ২৫ইচি-১০৬০ আৰু এনএল ০১এন-৩২৭১ নম্বৰৰ ট্ৰাক তিনিখনে ভুৱা নথি পত্ৰৰে চোৰাংভাৱে কয়লা সৰবৰাব কৰাৰ অভিযোগ উঠিছে৷













