ASSAM TIMES POST
গুৱাহাটীঃ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ পৰিচালিত আৰু অভিনীত চলচ্চিত্ৰ কাঞ্চনজংঘাই ৰাজ্যত ৪ কোটি ৯৫ লাখ টকা অৰ্জন কৰিবলৈ সক্ষম হয় বুলি জানিবপৰা গৈছে।
গত ৬ ছেপ্টেম্বৰত মুক্তিলাভ কৰা চলচ্চিত্ৰখনে ৰাজ্যৰ বাহিৰত ১৫ লাখ টকা উপাৰ্জন কৰে।
এই-সেই মিলাই কাঞ্চনজংঘাই মুঠতে ৫ কোটি ২০ লাখ টকা অৰ্জন কৰে। উল্লেখযোগ্য যে ৬ ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰায় সকলোবোৰ ছবিগৃহতে কাঞ্চজনঘাই মুক্তিলাভ কৰাৰ পিছত ১৩ ছেপ্টেম্বৰটো দ্বিতীয়টো সপ্তাহৰ বাবে ছবিখনৰ দৰ্শনী অনুষ্ঠিত হৈছিল।












