![]()
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক
লাট মণ্ডল আব্দুল মতিনৰ পাছত এইবাৰ আটক ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাননগো ৰিজুমণি কটকীক। লগতে গ্ৰেপ্তাৰ দালাল তৌহিদুৰ ৰহমানক৷ ঘোচখোৰ মণ্ডল আব্দুল মতিনৰ ভাষ্যৰ ওপৰত গ্ৰেপ্তাৰ কৰে দুয়োকে ৷ নিশা ডবকা চক্ৰ বিষয়াকো সোধপোচ কৰিছিল ডবকা আৰক্ষীয়ে ৷
গ্ৰেপ্তাৰ হোৱা কাননগো ৰিজুমণি কটকীৰ বিস্ফোৰক ভাষ্য৷ কমিচনৰ ভাগ চক্ৰ বিষয়াকো দিব লাগে বুলি অভিযোগ কটকীৰ। কটকীক শংকৰদেৱ নগৰ আদালতত হাজিৰ । আৰু বহুলোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাবনা ৷
কাননগো ৰিজুমনি কটকীক নিজ ঘৰৰ পৰা আটক কৰে আৰক্ষীয়ে। মুকলিকৈ ঘোষ লোৱা ভিডিঅ’ ভাইৰেলৰ পাছত আটক হৈছে এজনৰ পাছত আন এজনকৈ দালাল।
ডবকা আৰক্ষীয়ে ৪৩/২২ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি অৱ্যাহত ৰাখিছে তদন্ত। এই ঘটনাক লৈ সমগ্ৰ হোজাই জিলাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে।












