![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
“আমি প্ৰশাসন ব্যৱস্থাৰ সকলো স্তৰতে থাকি ৰাইজ, সমাজ, ৰাজ্য আৰু দেশ সেৱা আগবঢ়াই আহিছোঁ। এজন আৰক্ষী হৈ যেনেদৰে সমাজ আৰু দেশ শৃংখলিত কৰাৰ দায়িত্ব পালন কৰিছোঁ, তেনেদৰে স্বাস্থ্য কৰ্মী হৈ ৰাইজক সেৱা আগবঢ়াই আছোঁ। মুঠতে অতি নিম্ন পৰ্যায়ৰ পৰা উচ্চতম স্থানলৈ কাৰ্যপালিকাৰ হৈ ৯৯.৯৯ শতাংশ ব্যক্তি হৈছে চৰকাৰী কৰ্মচাৰী সমাজ। এই ৯৯.৯৯%-ৰ বাবে চৰকাৰে দায়িত্ব মুৰপাতি ল’ব লাগিব। জীৱনৰ সুদীৰ্ঘ সময় চৰকাৰী ব্যৱস্থাত থকাৰ পিছত অৱসৰ সময়ছোৱাত শক্তিহীন হৈ পৰাত আমি বাটৰ ভিকহু হ’বলৈ চৰকাৰে এৰি দিলে নহ’ব। কৰ্মচাৰী সমাজৰ অৱসৰী সময়ছোৱাৰ অৰ্থনৈতিক স্বাধীনতা চৰকাৰে ঘুৰাই দিয়াৰ বাবে এনপিএছ আঁচনি বিলুপ্তি কৰিবই লাগিব। এয়া দেশৰ তথা ৰাজ্যৰ সৰ্বস্তৰৰ কৰ্মচাৰী সমাজৰ একক দাবী।”
ৰাষ্ট্ৰীয় পুৰনি পেঞ্চন বাহালি সংযুক্ত মৰ্চা আৰু সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ উমৈহতীয়া আহ্বানেৰে আজি অসমৰ কৰ্মচাৰী সমাজে পালন কৰা ‘ক’লা দিৱস’-ৰ সম্পৰ্কত এই মন্তব্য সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাৰ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজে ক’লা বেজ পৰিধান কৰি এনপিএছৰ বিৰোধত প্ৰতিবাদ কৰি দিনৰ ১২ বজাৰ পৰা পালন কৰা ১ ঘণ্টীয়া অসহযোগ কাৰ্যসূচী সম্পন্ন কৰে।
হাজৰিকাই কয়, “ৰাজ্যৰ কৰ্মচাৰী সমাজ আজি শংকিত, ত্ৰাসিত হৈ পৰিছে । ইং ২০০৫ চনৰ পৰা ৰাজ্যত প্ৰযোজ্য ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বা এনপিএছৰ বাবে। জীৱনৰ গুৰুত্বপূৰ্ণ তথা শ্ৰম কৰিব পৰা সময়খিনি ব্যক্তি এজনে বিষয়া, শিক্ষক, আৰক্ষী বা কৰ্মচাৰী হিচাপে সীমিত পৰিসৰ আৰু অজস্ৰ সীমাবদ্ধতাৰ মাজত থাকি চৰকাৰী চাকৰিৰ জৰিয়তে চৰকাৰ আৰু ৰাইজৰ নামত ব্যয় কৰে। কিন্তু সুদীৰ্ঘ সময় চৰকাৰ তথা ৰাইজলৈ সেৱা আগবঢ়োৱাৰ পিছত এনপিএছ আঁচনিৰ অধীনত অৱসৰ গ্ৰহণ কৰাৰ পিছত অৰ্থাৎ ৬০ বছৰ বয়সৰ পিছত অৱসৰৰ সময়খিনিত খোৱাৰ কাৰণে পুনৰ কাম কৰিবলগীয়া হৈছে। বয়স, স্বাস্থ্য আৰু মানসিকতা অবিহনেও কেৱল পেটৰ তাড়নাত কাম কৰিবলগীয়া এই পৌঢ়সকলক সমাজৰ আৱৰ্জনাৰ দৰে এক অন্ধকাৰ ভবিষ্যতলৈ ঠেলি দিয়া হৈছে এই এনপিএছৰ দ্বাৰা। এয়া চৰকাৰী ব্যৱস্থাৰ দ্বাৰা সৃষ্টি কৰা এক সামাজিক ৰোগৰ বাহিৰে আন একো নহয়।
ইতিমধ্যে এনপিএছৰ অধীনত প্ৰায় ৭০০০ জন শিক্ষক, বিষয়া, কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে আৰু এইসকলৰ ৯৫% ই মাহে ১০০০ টকাতকৈ কম পেঞ্চন লাভ কৰি আছে। প্ৰতিজন বিষয়া, শিক্ষক, কৰ্মচাৰী, আৰক্ষীয়ে অৱসৰৰ পিছত প্ৰয়োজন আৰু জীৱন ধাৰণৰ বাবে শ্ৰম কৰিবলৈ বাধ্য হোৱা এই ব্যৱস্থা অসম তথা ভাৰতবৰ্ষৰ সভ্যতাৰ পৰিপন্থী। এই এনপিএছ ব্যৱস্থাৰ বিলুপ্তি কৰি পুৰণি পেঞ্চন নীতি পুনৰ বাহাল কৰাৰ স্বাৰ্থত, সৰ্বভাৰতীয় পৰ্যায়ত নেতৃত্ব দিয়া ৰাষ্ট্ৰীয় পুৰণি পেঞ্চন বাহালি সংযুক্ত মৰ্চা (NOPRUF) -ৰ আহ্বান অনুসৰি আজি ইং ১ ফেব্ৰুৱাৰী ২০২২ তাৰিখৰ দিনটো ৰাজ্যৰ কৰ্মচাৰী সমাজে ‘ক’লা দিৱস (Black Day)’ হিচাপে পালন কৰি, ১ (এক) ঘণ্টীয়া ‘কৰ্মবিৰতি’ পালন কৰে।
মন কৰিবলগীয়া যে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ আহ্বানত আজি সম্পাদিত ‘ক’লা দিবস’ৰ প্ৰতি অসম কলেজ শিক্ষক সংস্থা, সদৌ অসম কৰ্মচাৰী পৰিষদ, সদৌ অসম নাৰ্ছিং সন্থা, সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থা, অসম চিকিৎসা সেৱা সন্থা, সদৌ অসম আমোলা সন্থা, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থা, সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থা, সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থা আদি বিভিন্ন প্ৰতিষ্ঠিত কৰ্মচাৰী সন্থা/সংঘই সহযোগ কৰিছে।
সন্থাৰ সভাপতিগৰাকীয়ে কয়, “আজি পুনৰ ‘ক’লা দিৱস’ পালনেৰে আমি ৰাজপথলৈ নোযোৱাকৈ সমস্যা সমাধানৰ বাবে চৰকাৰক এক সুযোগ তথা সময় দিছোঁ। এয়া এক দীৰ্ঘ সংগ্ৰামৰ আৰম্ভণি বুলি চৰকাৰে বুজা উচিত। আমি চৰকাৰৰ উৎসাহজনক সঁহাৰি আশা কৰিম; চৰকাৰৰ সঁহাৰিৰ ওপৰত আমাৰ ভবিষ্যৎ কাৰ্যপন্থা নিৰ্ভৰ কৰিব।”
ৰাজ্যৰ প্ৰতিজন এনপিএছৰ অধীনৰ বিষয়া-শিক্ষক-কৰ্মচাৰী-আৰক্ষীকে নিজৰ তথা নৱ প্ৰজন্মৰ ভবিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত এই কাৰ্যসূচী সফল কৰাৰ বাবে অসমৰ কৰ্মচাৰী সমাজ আৰু অসমৰ প্ৰতিষ্ঠিত বিভিন্ন শিক্ষক, আৰক্ষী, বিষয়া, কৰ্মচাৰী সন্থা/সংঘকে ধন্যবাদ জনায় সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ সভাপতিগৰাকীয়ে।













