![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ডবকাৰ চাংমাজি আশ্ৰয় শিবিৰত ভয়ংকৰ অঘটন। খেলি থকা দুটি শিশু পৰিল গৰম কেৰাহীত। ৫০ শতাংশ অগ্নিদগ্ধ এটি শিশু, আনটো শিশুৰ জলিল দুখন হাত। ডবকাৰ চাংমাজি উচ্ছেদিত আশ্ৰয় শিবিৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা৷
সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দুয়োকে। মাতৃয়ে ৰান্ধি থকা গৰম কেৰাহীত পৰি মৃত্যুৰ সৈতে যুঁজি আছে ১৮ মহীয়া দুই কনমাণি শিশুৱে৷ শিশু দুটিৰ পিতৃ ৰফিকুল ইছলাম এতিয়া হৈ পৰিছে দিশহাৰা। পত্নীয়ে চৌকাত উতলাই থকা গৰম দালিৰ কেৰাহীত পৰি এটি শিশুৰ শৰীৰৰ অৰ্ধাংশ অগ্নিদগ্ধ হোৱাৰ বিপৰীতে আনটো শিশুৰ দুয়োখন হাত জ্বলি যায়৷
লামডিং বনাঞ্চলৰ উচ্ছেদিত প্ৰায় তিনিশৰো অধিক পৰিয়ালক প্ৰশাসনে আশ্ৰয় প্ৰদান কৰিছিল চাংমাজি আশ্ৰয় শিবিৰত। তাৰ মাজতেই এই মৰ্মান্তিক ঘটনাৰ পাছতেই হুয়া দোৱা লাগে পৰিয়ালটোত।












