![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ উদালী বজাৰৰ তিনিটা গোদামৰ পৰা ১২৬০ বেগ ইউৰিয়া সাৰ জব্দ। প্ৰতিটো বেগত ৪৫ কেজিকৈ আছে বুলি জানিব পৰা গৈছে। আটকাধীন তিনিজনৰ নাম ক্ৰমে জাকিৰ হুছেইন, আব্দুল মহিব আৰু আখটাৰ খান। জাকিৰ হুছেইনৰ ঘৰ কৰিমগঞ্জ আৰু আব্দুল মহিব আৰু আখটাৰ খানৰ ঘৰ লংকাত। জব্দকৃত সাৰখিনি চৰকাৰী সাৰ বুলি জানিব পৰা গৈছে। দুষ্ট চক্ৰটোৱে সাৰখিনি এনেদৰে মজুত কৰি ৰাখি বাহিৰলৈ প্ৰেৰণ কৰাৰ এক ষড়যন্ত্ৰ কৰিছিল।
আটকাধীন তিনিজনক আজি আদালতত হাজিৰ কৰি পুনৰ অধিক সোধপোছৰ বাবে আৰক্ষী জিম্মাত ল’ব বুলি জানিব দিয়ে হোজাই জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে। আদালতত হাজিৰ কৰাৰ বাবে বৰ্তমান লংকা আৰক্ষীয়ে কভিড-১৯-ৰ পৰীক্ষা কৰাইছে লংকাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত।












