![]()
নিউজ ডেস্কঃ
বলিউডত ‘ছিৰিয়েল কিছাৰ’ ৰূপে খ্যাত তেওঁ। হয়, ইমৰান হাছমিৰ কথাকে কোৱা হৈছে। ‘আজহাৰ’ ছবিৰ শ্বুটিঙৰ সময়ত নার্গিছ ফখৰিৰ সৈতে চুম্বনৰ দৃশ্য। নার্গিছক চুম্বনৰত ইমৰানে পৰিচালকে কাট বোলাৰ পিছতো ৰখাৰ যেন নামেই নলয়৷ কেমেৰা বন্ধ হোৱাৰ পিছতো চুম্বন কৰিয়ে গৈছিল তেওঁ। সেই অতীতৰ ঘটনাৰ কথা উল্লেখ কৰি মুম্বাইত সংবাদ মাধ্যমৰ আগত তেওঁৰ অভিজ্ঞতাৰ কথা জনালে নার্গিছে।
অভিনেত্রীগৰাকীয়ে কয়, “আমাৰ ছবি ‘আজহাৰ’ৰ পোষ্টাৰৰ কথা ভাবক। মনত নিশ্চয় পৰিব ইমৰানৰ নকল গোঁফ আছিল। উক্ত নকল গোঁফ যে অন্য কাৰোবাৰ গোপনাঙ্গৰ চুলি নহয়, সেই বিষয়ত মইতো নিশ্চিত নাছিলো! মই সেয়ে একোতেই ইমৰানক চুম্বন কৰিব পৰা নাছিলো। আৰু জনা নাছিলো কিয় শ্বুটিঙত ইমৰানে মোক এটাৰ পিছত আন এটা চুম্বন কৰি গৈছিল। মই সিদিনা বিৰাট অস্বস্তিত পৰিছিলো৷”
উল্লেখ্য, প্রাক্তন ভাৰতীয় অধিনায়ক আজহাৰউদ্দিনৰ বায়’পিকত সঙ্গীতা বিজলানিৰ চৰিত্রত দেখা গৈছিল নার্গিছক। ছবিখনত বহুকেইটা চুম্বনৰ দৃশ্য আছিল।
নার্গিছে লগতে কয়, “পাঁচবাৰ চুম্বনৰ দৃশ্যৰ কথা ছবিখনৰ চুক্তিপত্রত নাছিল। মই ভাবিছিলো পাঁচটা চুম্বনৰ বাবে অতিৰিক্ত টকা দিব। মই জানিছিলো, ইমৰান মনে মনে অতি আনন্দিত হৈছে। কিন্তু মুখত কৈছিল, তেওঁ একোৱেই নাজানিছিল। মই জানিছিলো তেওঁ মিছা কৈছে।”













