![]()
বলিউডি ষ্টাইলত প্রেমিকাক বেগত ভৰাই কলেজৰ হোষ্টেলত প্ৰৱেশৰ চেষ্টা কৰিছিল কর্নাটকৰ এজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই। নিশাৰ অন্ধকাৰত যাতে কোনোৱে গম নাপায় সেয়ে অভিনৱ উপায় উলিয়াইছিল তেওঁ।

ভাবিছিল সাপো মৰিব লাঠিও নাভাঙিব। নিৰাপত্তাৰক্ষীৰো সন্দেহ নহ’ব যে তাৰ ভিতৰত কোনো মানুহ আছে। ফলত সহজতেই গে’ট পাৰ হৈ হোষ্টেলত সোমাব পাৰিব। কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি।
ইমান ৰাতি ট্রলিবেগ লৈ ক’ৰ পৰা আহিছে?
কঠোৰ সুৰত প্রশ্ন হোষ্টেলৰ নিৰাপত্তাৰক্ষীৰ। উত্তৰ দিলে, অনলাইনত অর্ডাৰ দিয়া কিছু সামগ্ৰী আনিবলৈ গৈছিল। কিন্তু নিৰাপত্তাৰক্ষীও নাচোৰবান্দা৷ সন্তুষ্ট নহয় ছাত্ৰজনৰ উত্তৰত। সেয়ে বেগ খুলি দেখুৱাব দিয়ে৷ কিন্তু ছাত্রজন ৰাজী নহয়, নিৰাপত্তাৰক্ষীয়েও নেৰে।
অৱশেষত বেগৰ চেইন খুলি চক খাই উঠে নিৰাপত্তাৰক্ষী। বস্তুৰ সলনি দেখোন বেগৰ ভিতৰত ছোৱালী! ধৰা পৰাৰ পিছত থৰথৰকৈ কঁপিছিল যুৱতীগৰাকী। ছাত্ৰজনো শিল পৰা কপৌৰ দৰে হয়। দুয়ো একেখন কলেজতে একেলগে পঢ়ে৷ শেষত ঘটনাটো ৰাষ্ট্ৰ হৈ পৰে৷ আৰু কলেজৰ পৰা বৰ্খাস্ত হ’বলগা হয় দুই দুৰ্দান্ত প্ৰেমিক-প্ৰেমিকা।










