ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ গীৰ্জা পথত নগাঁও আৰক্ষীৰ উদ্যোগত দেওবাৰে পুৱা স্বচ্ছ ভাৰত অভিযানৰ আয়োজন কৰা হয়। নগাঁৱৰ উপ আৰক্ষী অধীক্ষক(সদৰ) মানস শইকীয়াৰ নেতৃত্বত হোৱা এই চাফাই অভিযানত সহযোগ কৰে নগাঁও পৌৰসভাৰ পৌৰপতি দিগন্ত দাস আৰু গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তা সকলে।

উল্লেখযোগ্য যে গীৰ্জাপথত থকা পাচলি বজাৰৰ আবৰ্জনা আৰু দুৰ্গোন্ধই সাধাৰণ নাগৰিকৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছিল। সেয়ে আজি পুৱা কিনকিনীয়া বৰষুণৰ মাজতো আৰক্ষীৰ লোকসকলে চাফাই অভিযানত অংশগ্ৰহণ কৰি আবৰ্জনা দূৰ কৰাৰ বাবে চেষ্টা কৰে।
আনহাতে আজিৰ এই স্বচ্ছতা অভিযানত নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে ইটাপাৰা আৰক্ষী চকী, ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পহৰা আৰক্ষী চকী আৰু শাক-পাচলি বজাৰৰ ব্যৱসায়ী সকলেও অংশগ্ৰহণ কৰে। নগাঁও আৰক্ষীৰ এই প্ৰচেষ্টাত নগাঁৱৰ সাধাৰণ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।













