ASSAM TIMES POST
গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চলত লুকাই থকা সম্ভাৱনা আৰু সুযোগসমূহ পুনৰ এবাৰ উদ্ধাৰৰ লক্ষ্যৰে অহা ২৩ নৱেম্বৰৰপৰা বাৰানসীত ৪ দিনীয়া কাৰ্যসূচীৰে ‘ডেষ্টিনেছন নৰ্থইষ্ট’ শীৰ্ষক কাৰ্যক্ৰম অনুষ্ঠিত হ’ব। দেওবাৰে ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে এই ঘোষণা কৰে। ইয়াত উত্তৰ পূবৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব। সমান্তৰালভাৱে ইয়াত উপলব্ধ হোৱা থলুৱা খাদ্যৰো সমাহাৰ ঘটিব। ইফালে অহা ৮ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব ‘নৰ্থ ইষ্ট ফেষ্টিভেল’। তিনিদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰত অনুষ্ঠিতব্য এই কাৰ্যসূচীত পূৰ্বোত্তৰৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি পৰিবেশন কৰা হ’ব।












