![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
৬ মাৰ্চত ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন ৷ বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঘোষণা ৷ ৰাজ্যৰ মুঠ ৮০ খন পৌৰ পৰিষদৰ ভোটগ্ৰহণ ৬ মাৰ্চত।
সংবাদমেলত ঘোষণা ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰৰ ৷ পৌৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ইভিএমৰ জৰিয়তে হ’ব ভোটগ্ৰহণ। পৌৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৫ ফেব্ৰুৱাৰী ৷ আবেদনসমূহ পৰীক্ষা হ’ব ১৭ ফেব্ৰুৱাৰীত। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২০ ফেব্ৰুৱাৰী৷ ভোটগণনা অনুষ্ঠিত হ’ব ৯ মাৰ্চত।
ৰাজ্যৰ ৮০ পৌৰ পৰিষদৰ ৯৭৭টা ৱাৰ্ডৰ বাবে হ’ব নিৰ্বাচন। ২,০৫৪টা ভোটকেন্দ্ৰত হ’ব ভোটগ্ৰহণ। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালনাত নিযোজিত হ’ব ২০,০০০-২৫,০০০ চৰকাৰী কৰ্মচাৰী।
ন্যায়ালয়ৰ অধীনত থকা শিলচৰ পৌৰ পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নহয়।













