![]()
ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং আৰু ডিমা হাচাওত স্বতন্ত্ৰ ডিমাৰাজিৰ দাবীত যোৱা ৫ বছৰ ধৰি সহস্ত্ৰ সংগ্ৰাম চলাই অহা ডিমাছা নেছনেল আৰ্মি চমুকৈ DNLA নামৰ সংগঠনটোৱে আজি ধনশিৰিত অন্তিমটো অস্ত্ৰ সম্বৰণ কাৰ্যসূচী সম্পন্ন কৰে ৷ আজি ধনশিৰিৰ পৰা প্ৰায় আঢ়ৈ কিলোমিটাৰ নিলগৰ ঘন অৰণ্যৰে আবৃত ডিমাইডি নামৰ ঠাইত থকা DNLAৰ ডেজিগনেটেড শিৱিৰত সংগঠনটোৰ ৫২ গৰাকী কেডাৰে অস্ত্ৰ-শস্ত্ৰসহ জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰে ৷ কেডাৰসমূহৰ ভিতৰত ৪ গৰাকী মহিলা কেডাৰো আছে ৷ আজি অস্ত্ৰ সম্বৰণ কৰা কেডাৰসমূহক DNLA আৰু স্থানীয় ৰাইজৰ তৰফৰ পৰা একোখনকৈ ডিমাচা গামোছাৰে মূল সঁতিলৈ আদৰণি জনোৱা হয় ৷ উগ্ৰপন্থী সংগঠনটোৰ কেডাৰসকলে আজি ক্ৰমে, এটা মেগজিনৰ সৈতে এটা কাৰ্টুছ বন্দুক, মেগজিনৰ সৈতে এটা ‘২২ ৰাইফল, মেগজিনসহ এটা একছন ছেমি ৰাইফল, দুটা মেগজিনসহ এটা কাৰবাইন, দুটা ‘৩২ ৰাইফল, এটা বেয়া একে চিৰিজ ৰাইফলৰ মেগজিন, ৰাইফল, ‘২২ ৰাইফলৰ ১৫৮ জাঁই সজীৱ গুলী, বিডিআৰৰ সজীৱ গুলী ১৯ ৰাউণ্ড, কাৰবাইনৰ ৬টা মেগজিন আৰু ‘৩২ ৰাইফলৰ ৩০ ৰাউণ্ড সজীৱ গুলী জমা দিয়ে ৷
উল্লেখযোগ্য যে, যোৱা ছেপ্তেম্বৰ মাহত কাৰবি আংলঙৰ উগ্ৰপন্থী সংগঠনৰ সৈতে চৰকাৰৰ শান্তি চুক্তি সম্পাদন হোৱাৰ পিছত যোৱা ২৩ ডিচেম্বৰত DNLAৰ ৬৭ সদস্যই ধনশিৰিত আত্মসমৰ্পন কৰিছিল ৷
উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলে সেই সময়ত দুটা একে চিৰিজৰ ৰাইফলকে ধৰি মুঠ ১১টা বন্দুক, ৯টা পিষ্টল লগতে তিনিশ জাঁই সজীৱ গুলী জমা দিছিল ৷
উল্লেখযোগ্য যে, ২৫ ছেপ্তেম্বৰত উগ্ৰপন্থী সংগঠনটটো একপক্ষীয়ভাবে যুদ্ধ বিৰতি ঘোষণা কৰি ওলাই আহিছিল ৷ ১৩ নৱেম্বৰত ডিমা হাছাও জিলাৰ খেপ্ৰেত উগ্ৰপন্থী সংগঠনটোৰ ৪৯ গৰাকী সদস্যই ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোচা আৰু হিৰেন চন্দ্ৰ নাথৰ ওচৰত অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পন কৰিছিল ৷ আজি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয় যে, মূল সঁতিলৈ ঘূৰি অহা ডিএনএলএ কেডাৰৰ এইটো অন্তিমটো অস্ত্ৰ সম্বৰণ ৷ তেওঁলোকক আদৰণি জনোৱা হৈছে ৷ চৰকাৰৰ সৈতে হ’বলগীয়া আলোচনাত তেওঁলোকৰ অভাৱ অভিযোগবোৰ পূৰণ হ’ব বুলি তেওঁ আশাবাদী ৷ লগতে কেডাৰসকলক ডেজিগনেটেড শিৱিৰত ৰাখি সকলো সা-সুবিধা যোগান ধৰা হ’ব বুলি কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷
আনহাতে ডিএনএলএৰ অধ্যক্ষ ইতিকা ডিফুচাই কয় যে, চৰকাৰৰ শান্তি আলেচনাৰ প্ৰতি সন্মান জনাই ডিএনএলএৰ বাকীবোৰ কেডাৰেও আজি অস্ত্ৰ সম্বৰণ কৰিলে ৷ চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি সন্মান জনাব বুলি তেওঁ মন্তব্য কৰে ৷ আজিৰ অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত ২০ বিএন চিআৰপিএফৰ কামাণ্ডেণ্ট স্বৰ্ণ সিঙৰ লগতে ডিমাচা ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি ধিৰাজ ডিফুচা আৰু অঞ্চলটোৰ কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷












