![]()
ছাইদুল ইছলাম
ডিফু : ‘ফিট ইণ্ডিয়া ম’ভমেণ্ট’ৰ অংশ স্বৰূপে আজি জিলা ন্যায় সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএৰ উদ্যাগত আৰু জিলা ন্যায়িক মহলৰ সহযোগত এক ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ ডিফু আৰক্ষী ছাউনীত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত চাৰিটা দলে ‘কীপ ইউৰছেলফ ফীট’ক থীম হিছাপে লৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷ অংশগ্ৰহণ কৰা দলসমূহ ক্ৰমে, জিলা ন্যায়াধীশ একাদশ, মুখ্য ন্যায়িক দণ্ডাধীশ একাদশ, এপিডিচিএল আৰু আৰক্ষী অধীক্ষক একাদশ ৷
খেলৰ আৰম্ভনিৰ পূৰ্বেই খেলুৱৈসকলৰ সৈতে জিলা আৰু সত্ৰ ন্যায়াধীশ আব্দুল হেকিমৰ সৈতে খেলুৱৈসকলক পৰিচয় কৰাই দিয়া হয় ৷ তীব্ৰ প্ৰতিদ্বন্ধিতা আগবঢ়াই এছপি একাদশে বিজায়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ‘ফিট ইণ্ডিয়া ম’ভমেণ্ট’ৰ থীম কীপ ইউৰছেলফ ফীট’ সকলোকে মজবুত কৰি ৰখা সময়ৰ আহ্বান বুলি ডিএলএছএৰ সচিব নাগিব আহমেদে মন্তব্য কৰে৷












