![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ বামুণগাঁও ফৰেষ্ট গেটৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। ৰাজপথদি আহি থকা চাৰিগৰাকী মহিলাক মহতিয়াই পথৰ কাষত বাগৰিল হুন্ডাই i10 খন। ঠিতাতে মৃত্যু জয়ৰুণ নেছা নামৰ এগৰাকী
মহিলাৰ। আঘাটপ্ৰাপ্ত হৈছে ৩ গৰাকী মহিলা ক্ৰমে কুলচুমা বেগম, আয়েসা খাতুন, চফিনা খাতুন। আহত ৩ গৰাকীক হোজাইলৈ প্ৰেৰণ কৰা হৈছে যদিও ২ গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
বিয়াখাই ঘৰলৈ উভটাৰ পথতেই হুণ্ডাই i10 গাড়ীৰ খুন্দাৰ সন্মুখীন হ’বলগা হ’ল একে পৰিয়ালৰ চাৰিগৰাকী মহিলা । দুৰ্ঘটনা সংঘটিত কৰা গাডীখনৰ নম্বৰ AS 01DR 2668 hundai i10। i10 বাহনখন লামডিংৰ পৰা নগাঁও অভিমুখে আহি আছিল ।












