![]()
ছাইদুল ইছলাম
ডিফু : ২০২৫ চনৰ ভিতৰত ভাৰতক যক্ষ্মাৰোগ মুক্ত দেশ হিছাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় তৰকাৰৰ তৰফৰ পৰা লোৱা পদক্ষেপৰ অংশ হিছাপে আজি দুই পাহাৰীয়া জিলা ক্ৰমে, কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলং জিলাৰ বাবে পিৰামল ফাউণ্ডেছন (স্বাস্থ্য)ৰ উদ্যোগত আজি মুঠ ৬খন বাহন মুকলি কৰি দিয়া হয় ৷ স্বাস্থ্য বিভাগৰ বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি আজি মুকলি কৰি দিয়া বাহনসমূহ পৰৱৰ্তী এটা দিনত জিলাখনৰ এশখন গাঁৱলৈ গৈ যক্ষ্মাৰোগত আক্ৰান্তসকলৰ সবিশেষ তথ্য সংগ্ৰহ কৰিব ৷
এই তথ্যৰ ওপৰত ভিত্তি কৰিয়েই যক্ষ্মাৰোগৰ বাবে পৰৱৰ্তী সময়ত পদক্ষেপ গ্ৰহণ কৰা হব বুলি জানিব দিয়ে ৷ ইয়াৰ সমান্তৰালকৈ ক’ভিড টীকাকৰণ সন্দৰ্ভতো এই কাৰ্যসূচীৰ জৰিয়তে অভিযান চলোৱা হব ৷ আজিৰ এই বিশেষ অনুষ্ঠানত বিশ্বস্বাস্থ সন্থাৰ প্ৰতিনিধি গৌতম বৰগোঁহাই, কাৰবি আংলং জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কাৰং ৰংপিপী, মহকুমা স্বাস্থ্য বিষয়া সঞ্জিত ছাৰাংফাংছা, পৰিমল ফাউণ্ডেছনৰ তফিকুল মালিককে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷












