![]()
নিউজ ডেস্কঃ
মাত্র ৩০০ কাৰ বাবে পত্নীৰ সন্মুখতে স্বামীক হত্যা কৰিলে এজন যুৱকে। দিল্লীৰ ৰাজৌৰী গার্ডেনত এই সংঘটিত এই ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষী সূত্রে জানিব পৰা মতে, কপালত ছুৰি ধৰি মাস্ক পৰিহিত দুষ্কৃতিকাৰীজনে ৩০০ টকা বিচাৰে। কিন্তু টকা দিবলৈ অস্বীকাৰ কৰাত ডিঙত ছুৰি লেপি দিয়ে অভিযুক্তই। অভিযুক্ত যুৱকজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।
দিল্লীৰ পশ্চিম জিলাৰ ডিচিপি প্রশান্ত গৌতমে জনোৱা মতে, ১৬ ফেব্রুৱাৰীৰ নিশা এই ঘটনাটো সংঘটিত হয়। কিন্তু তেওঁলোকে খবৰ পায় ১৭ ফেব্রুৱাৰীতহে। স্থানীয় ডিডিইউ হস্পিটেলৰ পৰা জনোৱা হয় যে মায়াপুৰী এলেকাৰ বাসিন্দা ৰামকিশোৰ ওৰফে কিশোৰ কুমাৰক আহত অৱস্থাত হস্পিটেলত ভর্তি কৰোৱা হয়। ছুৰিৰে ৰেপি তেওঁৰ ডিঙি কটা হৈছিল। হস্পিটেলৰ চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
প্রাথমিক তদন্তৰ পিছত আৰক্ষীয়ে জনাইছে, স্থানীয় পার্কলৈ প্রতিদিনৰ দৰে ঘটনাৰ দিনাও ৰামকিশোৰ আৰু তেওঁৰ পত্নী ফুৰিবলৈ গৈছিল। সেই সময়তে মাস্ক পৰিহিত এজন যুৱকে ছুৰি দেখুৱাই ৩০০ টকা বিচাৰে। কিন্তু ৰামকিশোৰে টকা দিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছতেই তেওঁক ছুৰিৰে আঘাত কৰে দুষ্কৃতিকাৰীটোৱে। তাৰ পিছতেই সি ঘটনাস্থলীৰ পৰা পলাই যায়। খবৰ পোৱাৰ ২ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে অভিযুক্তক গ্রেপ্তাৰ কৰে।
আৰক্ষীয়ে জনোৱা মতে, ধৃত অভিযুক্তৰ নাম ৰাজদাস। ৰাজদাস অসমৰ বাসিন্দা। অৱশ্যে অসমৰ কোন ঠাইৰ বাসিন্দা সেয়া জানিব পৰা হোৱা নাই। অৱশ্যে ধৃতকৰ অন্য কোনো উদ্দেশ্য আছিল নেকি, সেয়াও তদন্ত কৰিছে আৰক্ষীয়ে।










