ASSAM TIMES POST
গুৱাহাটীঃ বিশ্বস্ত সূত্ৰৰ পম খেদি সোমবাৰে নিশা ভাৰতীয় সেনাই বহু প্ৰত্যাহ্বান নেওচি কোকৰাঝাৰত গ্ৰেপ্তাৰ কৰে এনডিএফবি (এছ)ৰ ৬ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক। সন্ত্ৰাসবাদী কেইটাৰ নাম বাহাইগিয়া বসুমতাৰী ওৰফে বেলাৰম, ৰঞ্জনলাল ৱাৰী ওৰফে গোবলা ওৰফে ডব্লিউ ৰায়থাব, ৰুবিৰাম গয়াৰী ওৰফে ৰৌমৌগৌমৌ, জুলেশ মুছাহাৰী ওৰফে এম জুলিলাং, শৈলেন বৰগয়াৰী ওৰফে বি চিবিথাও আৰু ৰাজেশ নাৰ্জাৰী ওৰফে এন ৰায়লাং।
ইয়াৰে বেলাৰাম আছিল সন্ত্ৰাসবাদী সংগঠনটোৰ স্বয়ম্ভু সাংস্কৃতিক সম্পাদক। ম্যানমাৰত প্ৰশিক্ষণ লাভ কৰি অহা সন্ত্ৰাসবাদীকেইটাৰ তিনিটাৰ ঘৰ কোকৰাঝাৰত আৰু বাকী তিনিটাৰ ঘৰ চিৰাঙত। সফল অভিযানটো সম্পৰ্কত গুৱাহাটীস্থিত প্ৰতিৰক্ষা জনসম্পৰ্কৰক্ষী বিষয়া লেফটেনেন্ট কৰ্ণেল পি খঙচায়ে জনোৱা অনুসৰি, বিশ্বস্ত সূত্ৰৰ তথ্যৰ ভিত্তিত অসম আৰক্ষীৰ সহযোগত ভাৰতীয় সেনাই কোকৰাঝাৰৰ ৰিপু সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে অভিযান আৰম্ভ কৰিছিল।
অঞ্চলটোৰ বহু স্থানত ৰেড হৰ্ণ ডিভিজনে এম্বুশ্ব চলায়। ইয়াৰ মাজতে মাজৰাতি সন্ত্ৰাসবাদীকেইটাক নিৰাপত্তাৰক্ষীৰ দলে প্ৰত্যক্ষ কৰি বহু প্ৰত্যাহ্বানৰ মাজেৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযানকাৰীসকলৰ সুবিধা এয়ে আছিল যে সেইসময়ত সন্ত্ৰাসবাদীকেইটাই শিৱিৰৰপৰা কিছু দূৰত নিৰস্ত্ৰ অৱস্থাত আছিল।
সেয়ে গ্ৰেপ্তাৰ কৰি শিৱিৰলৈ যোৱাত এটা এম ১৬ এছাল্ট ৰাইফল, ৬টা ৭.৬৫ এমএম পিষ্টল, ১২ টা মেগজিন, আগ্নেয়াস্ত্ৰ, দৰৱ, ৰেচন জব্দ কৰা হয়। সম্প্ৰতি সন্ত্ৰাসবাদীকেইটাক জেৰা চলাই থকা হৈছে।













