![]()
নিউজ ডেস্কঃ
শুক্রবাৰে হিজাব নিষিদ্ধ কৰাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছিল কর্নাটকৰ শিবমোগা জিলাৰ এখন স্কুলৰ ছাত্রীসকলে। তাৰ পিছতেই তেওঁলোকক নিলম্বন কৰা হল। প্ৰায় ৫৮ গৰাকী ছাত্ৰীক নিলম্বন কৰা বুলি প্ৰকাশ।
কিন্তু নিলম্বন হোৱাৰ পিছতো নিজৰ দাবীত অটল ছাত্রীসকল। তেওঁলোকৰ স্পষ্ট কথা, ‘‘হিজাব আমাৰ অধিকাৰ। আমি মৃত্যুবৰণ কৰিবলৈ ৰাজী। কিন্তু হিজাবৰ সৈতে আপোচ নকৰো।’’
ইফালে নিলম্বন কৰা ছাত্রীকেইগৰাকীক অনির্দিষ্টকালৰ বাবে স্কুল চৌহদত প্রবেশত নিষেধাজ্ঞা জাৰি হৈছে। ছাত্রীসকলৰ লগতে বাকীসকলৰ বিৰুদ্ধেও ১৪৪ ধাৰা ভংগৰ অভিযোগতো গোচৰ ৰুজু কৰা হৈছে।










